আশা মােৰ আশা – এখনি সৰৱ নৈ  সেই আশা মােৰ আশা  আহিছে ৰাঙলী হৈ

Zubin

আশা মােৰ আশা
এখনি সৰৱ নৈ
সেই আশা মােৰ আশা
আহিছে ৰাঙলী হৈ।
মােৰ গানৰ বহু যুগৰ
সুখ-দুখৰ চিনাকি লৈ।।

মােৰ গানত আছে
অনামিকা মায়া
সপােনৰ সুৰৰ নুবুজা আশা
মােৰ গানে আনে বহুতাে প্রকাশ
পােৱা নােপােৱাৰ মনৰ জোনাক
জোনাকী মন এটি হৈ
আহিছিলাে মৰমৰে বােজা লৈ
আশা মােৰ আশা…

মােৰ গানত আছে বৰষাৰ অনল
সেমেকা শীতৰ ৰ’দালি কোমল
মােৰ গানে দিব
নতুন ভাষা
নতুনৰ জোনাক নতুন নিশা
ক্লান্ত বুকু জুৰি ব’ব
সৃষ্টিৰ এই অমল বতাহ।।
আশা মােৰ আশা।।

Leave a Reply