অন্ধ আকাশ , ৰুদ্ধ বতাহ, ত্রস্ত ৰাতিৰ স্তব্ধ জোনাক   

Zubin garg

অন্ধ আকাশ, ৰুদ্ধ বতাহ,

ত্রস্ত ৰাতিৰ স্তব্ধ জোনাক

অন্ধ মনৰ বন্ধ কোঠাত,

হিংস্র প্রেমৰ মুক্ত প্রকাশ

মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়

দিশে দিশে চলে মাথোঁ মৃত্যুৰ ৰথ।

মৃত্যু এতিয়া সহজ,

মৃত্যু এতিয়া উছৱ।
মৃত্যু যদি শিল্প হয়,

মৃত্যু কিদৰে সুলভ, মৃত্যু এতিয়া সহজ।
অন্ধ শাসন, ভণ্ড শাসক,

অর্থ লােভৰ নগ্ন যুঁজত

জীৱন মৰণৰ স্বপ্নবাহক,

মগ্ন বিভােৰ অন্ধ সুখত ক্লান্ত জীৱন আজি, ক্লান্ত দিঠক আজি
দুচকুত ভাহে মাথোঁ শান্তিৰ শুভ্র ৰথ।
মুকুতিৰ শুদ্ধ পথ ।
মুক্ত হােৱাৰ সপােন দেখি

পশু হােৱাত কিমান বাকী

জীৱন দিয়াৰ ক্ষমতানাে কাৰ

জীৱন লােৱাৰ ক্ষমতা অপাৰ
জন্ম লােৱাৰ অর্থ বিশাল
অর্থনৰ’ল হ’ল মহাকাল
শিশুৰ মুখৰ হাঁহি কেতিয়াযে ঘূৰি আহি
আদৰিব নৱ প্রভাতক,

শান্তি সুৰুযক,
মুকুতিৰ সুৰুযক।
মুক্ত আকাশ শুদ্ধ বতাহ,

কবিতাৰ ৰাতিৰ স্নিগ্ধ জোনাক

শুদ্ধ মনৰ মুক্ত কোঠাত,

মানৱ প্ৰেমৰ মূর্ত প্রকাশ

মুকুতি আজি আহি দুচকুত সাৰে ৰয়

বুকুৱে বুকুৱে বয় শান্তিৰ ঢল,

মুকুতি এতিয়া হাতত

মুকুতি এতিয়া প্রাণত,

মুকুতি এতিয়া নিজৰ

মুকুতি এতিয়া হাতত৷৷

Leave a Reply