অসমীয়া উপসর্গ কি || অসমীয়া ব্যাকৰণ

উপসর্গ

অসমীয়া অব্যয়ৰ যােগতাে নানা শব্দ গঠন কৰা হয়। তলত কিছুমান অসমীয়া উপসর্গ উদাহৰণ দিয়া হ’ল :

অঃ (বিসদৃশ, বিপৰীত আদি অর্থ) : অনামা, অনামী, অচিনাকি, অহিংসা, অসুখ, অহিচাবী, অজান, অজানা, অসুৰ, অপৈণত, অগুণ, অকাজ, অসাৰ ইত্যাদি। এইবােৰ সমাস নিষ্পন্ন পদ। ইয়াত ঞাৰ্থক  “অ” যোগ হৈছে।

আ : (সংস্কৃত আ’ উপসর্গৰ সমার্থক) : আকাল, আমনি, আমৰণ, আহৰণ, আশকতি, আকাজী (একাজী) ইত্যাদি।

আও: (সংস্কৃত অপ আৰু অব উপসৰ্গৰ সমার্থক)  : আওহেল, আওকাণ, আওকাঠ, আওবাৰ, আওপুৰণি, আওমৰণ ইত্যাদি।

 

আও :  অনাতাঁৰ, অনাভুরা, অনাজৰী, (এনাজৰী), অনাগত, অনাহাৰ, অনাবৃষ্টি আদি।

উ : (সংস্কৃত উৎ উপসৰ্গৰপৰা বিকৃত হৈ) ঃ উছৱ, উছৰ্গা, উছাহ, উলাহ, উলংগা, উলংগ, উল্লাহ, উজান, উলহ-মালহ আদি।

নি : ( সংস্কৃত নি আৰু নিৰ্ উপসৰ্গৰ অৰ্থত )  নিৰহ , নিপানী , নিচেই,নিজান ,নিমাত নিতাল, নিলগ , নিগজি, নিখুঁত , নিচিনা , নিছলা , নিমাখিত , নিবাৰণ  ইত্যাদি ।

সু   :  ( সংস্কৃত সু আৰু সুৰ উপসৰ্গৰ অৰ্থত ) –  সু-খবৰ , সু-বাতৰি ।

Leave a Reply