ৰাষ্ট্রীয় প্রতীক || অশােক স্তম্ভ

ৰাষ্ট্রীয় প্রতীক
“सत्यमेव जयते”

 

সাৰনাথৰ অশােক স্তম্ভৰ ওপৰত থকা  প্রতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকৰ সন্মান দিয়া হৈছে। ইয়াৰ ওপৰৰ অংশত তিনিটা মুখ মেলি থকা সিংহ (চতুর্থটো ৰাষ্ট্ৰীয় প্রতীকত অদৃশ্য হৈ থাকে যদিও অশােক স্তম্ভত দৃশ্যমান) আছে। প্রতীকৰ তলৰ অংশৰ সোঁমাজত এটা ধর্ম চক্র, বাওঁফালে এটা ঘোঁৰা আৰু সোঁফালে এটা ষাঁড় গৰুৰ প্রতিমূর্তি আছে। সোঁ আৰু বাওঁফালৰ শেষ অংশত দুটা চক্ৰৰ আধা অংশ দেখা যায়। একেবাৰে তলত মুণ্ডক উপনিষদৰ পৰা ‘সত্যমেৱ জয়তে’ (সত্যৰ সদায় জয়) নামৰ বাক্যশাৰী দেৱনাগৰী লিপিত লিখা আছে।

 

১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকটো গ্ৰহণ কৰা হয়।

Leave a Reply