হাঁহিলে তুমি মুকুতামণি সৰে দুচকু ভৰিলেও মন নভৰে

Zubin garg

হাঁহিলে তুমি মুকুতামণি সৰে
দুচকু ভৰিলেও মন নভৰে
বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা
মৰমৰ সুবাসেৰে অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা।
বহু দিনৰে পৰা নিশা জাগি
যাচিছাে যে তােমালে মন মাধুৰী
উথলি উঠা মৰমে গােপনে হিয়া আৱৰে
বেদনাৰ আকাশ ভাঙি
মন কিয় যে নভৰে
কোৱানা অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা।
সােণসৰা সপােনৰ পাৰ ভাঙি
অসীমতে আহিলা তুমি আজি
ক’তযে দুখৰে ধুমুহা
পাৰ হৈ আহি আহি
সেউজীয়া এটি ছবি
মনৰে মাজতে আঁকি
ৰৈ আছোঁ অনামিকা
কলিজা ৰঙা কৰি
উজ্বলি আছা
হাঁহিলে…।।

Leave a Reply