স্বাধীনচিতীয়া হালােৱা ডেকা ৰণুৱা – ৰাভা সংগীত || বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

ৰাভা সংগীত

স্বাধীন চিতীয়া হালােৱা ডেকা ৰণুৱা।
পঞ্চায়তী যুগৰ ন মনৰে মনুৱা—
যুঁজিব সমৰত লগৰীয়া বনুৱা   !!
চিনি লচোন কোন শতৰু লুকাই আঁৰত তােৰ,
ভাঙ ৰঘুমলা তেজপিয়া কুবেৰৰ মূৰ –
জীৱন ভৰি নপৰিব তােৰ দুখৰে ওৰ ।
যিমান দিন বাচি থাকিব ধনৰ খকুৱা !!
বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতিৰ খেল ; –
বজ্জাতৰ দল পাতে নানা জালিয়াতী মেল।।
আগবাঢ়ি ব’ল ভাঙি ছিঙি জুলুম বাজীৰ জাল;
নকৰিবি ভয়; ব’ল হই শােষণবাদীৰ কাল;
নতুন যুগৰ, নতুন ভাবৰ, নতুন ৰণৰ মাল !
আগুৱাই যা আগবাঢ়ি ব’ল আগবাঢ় দুখীয়া !!…

Leave a Reply