মেঘৰ বৰণ ৰ’দৰ বৰণ।
জোনৰ বৰণ তুমি কোন দূৰ
গানৰ মাজত কথাৰ মাজত।
প্রাণৰ তুমি কোন সুৰ।
সপােনে সপােনে নিবিড়ে নিবিড়ে।
তােমৰ মৰমৰ সুৰ।।
মেঘৰ বৰণ..
এতিয়া যেন তুমি মােৰ মােৰ
তথাপিতাে তুমি দূৰ দূৰ
এন্ধাৰৰ গান বহু গালোঁ
বাট চাওঁতেই শিল হলাে।
সপােন আহে যায় দুখ নিগৰা মন
নিথৰ নিথৰ প্রতিক্ষণ।
মেঘৰ…
মােৰ এই গান, মােৰ উন্মেষ।
মােৰ এই সুৰ, তােমাতেই শেষ।
তুমি হাঁতি তুমি অশ্রু
মােৰ সৃষ্টি মােৰ মৃত্যু
আঁতৰােৱা তুমি এই অৱগুণ্ঠন
কাতৰ আশাৰ গুঞ্জন।
মেঘৰ… ৷৷