যি বিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্রয়োজন অনুসৰি বা যন্ত্ৰৰ বিভিন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক সম্পূর্ণ অথবা আংশিকভাৱে ৰােধ কৰা হয়, তাকে ব্যঞ্জনধ্বনি বােলে। তেনে ধ্বনিসূচক চিনবােৰেই ব্যঞ্জনবর্ণ।
ব্যঞ্জনবর্ণবােৰ ঃ
ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ ড ঢ ণ
ত থ দ ধ ন
প ফ ব ভ ম
য ৰ ল ৱ
শ ষ স হ
মুঠতে ব্যঞ্জনবর্ণ ৩৩ টা।
ক্ষ—ক আৰু ষ যুক্ত হৈ আছে। সেইদৰে ড় ঢ় য় ৎ ক্রমে ড ঢ য ত পৃথক ৰূপহে ; বেলেগ বর্ণ নহয়।
ঁ (চন্দ্রবিন্দু) ও ও এ ণ ন ম-ৰ অনুনাসিক ৰূপ।
্ , ঃ – (অনুস্বাৰ, বিসর্গ) ঃ এই দুটা বর্ণ স্বৰবৰ্ণ বা ব্যঞ্জনবর্ণৰ লগত যােগ নাই আৰু স্বতন্ত্র। স্থানো নাই; অথচ ব্যৱহাৰ আছে। সেইবাবে ইহঁতক অযােগবাহবর্ণ বােলে।
লগতে চাওক :