বিশ্বৰ ছন্দে ছন্দে – ৰাভা সংগীত || বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

ৰাভা সংগীত

বিশ্বৰ ছন্দে
ছন্দে মহানন্দে
আনন্দে নাচা।
নাম তমােহৰ দেউ!
নাচা !
বন্দে বন্দে।
আজি সৱ।
ভকত বৃন্দে
তব চৰণ কমল।
বন্দে।
জ্বালা বা সাগ্নিক
তপাে-হােম-বহ্নি
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি;
বিশ্বৰে দেউলত
জ্ঞানৰে বন্তিৰ
আলােকৰে শিখা।
উঠক নাচি
অজান এন্ধাৰ
বিনাশি
পুলকানন্দে !…
নাচোনৰ তালে তালে পুষ্পিত বননি
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি।
আমােল মােলে কৰে শুৱনি ধৰণী—
পুষ্পিত সুবাসিত গন্ধে !

Leave a Reply