ব’ল ব’ল বল’ ব’ল || বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

ৰাভা সংগীত

ব’ল ব’ল বল’ ব’ল
কৃষক শক্তি দল
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ ব’ল
জাগ জাগ জাগ জাগ
মজদুৰ ন জোৱান  ।
নির্যাতিত নিপীড়িত
কৃষক শক্তিমান ।
তােৰ বাহুতে আছে লুকাই
অসীম শক্তি বল।
ৰণৰ শিঙা বাজে শুন্ ঐ
আগবাঢ়ি যাওঁ ব’ল ।
কিহৰ নাে ভয় আছে অভয়।
বাণী দেৱতাৰ
শত সউ চৌপাশে ৰয়
ধনী জমিদাৰ
শশাহে কলিজাৰ ৰঙা তেজ
প্রজা দুখীয়াৰ ।
ধ্বংস কৰ ধ্বংস কৰ ।
ধনীৰ অহংকাৰ।
দয়া মায়া নকৰিবি
ক্ষমাৰ দিন যে গল
হাল, কোৰ, দা, হাতুৰী লৈ।
ৰণলৈ যাওঁ বল।।
তই খুৱাৱ বিশ্ববাসীক
মাটি ফালি ধান।
তই যােগাৱ ধনী শ্রেণীক
অস্ত্র শক্তিমান
কাৰখানা কল তােৰেই সৃজন
পথাৰ সুবহল।।
নাঙল, কাচি, হাতুৰী দাৰ
যাদুকৰী ফল।
তোৰ বাহুতে … আগবাঢ়ি যাওঁ ।

Leave a Reply