গুপুতে গুপুতে অকলে এৰি থৈ  ক’তেনাে থাকাগৈ তুমি

Zubin songs

গুপুতে গুপুতে অকলে এৰি থৈ
ক’তেনাে থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্রুবাগৰে
এতিয়া নীৰৱে ৰৈ তুমি।
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপােনত
এতিয়া এন্ধাৰকে ল’লা সাৱটি
চকু মেলা সাৰ পােৱা মােলে চোৱা
আকৌ এবাৰ কথা কোৱা মােৰ হােৱা।।
চেচা চেচা আঙুলি এয়াতাে নহয় তুমি
গধূলি গােপাল মােৰ শুই থকা জননী
নতু ফাগুন মােৰ হেৰােৱা সপােন মােৰ
তােমাৰে পাৰিজাত তােমাকে সামৰি
গুপুতে..
আজিও শিশু মই গােৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
চকু মুদি তুমি চকু নেমেলিলা
নাচালা মােলে নিদিলা সঁহাৰি।
গুপুতে গুপুতে…

চকু মেলা সাৰ পােৱা মােলে চোৱা
আকৌ এবাৰ কথা কোৱা মােৰ হােৱা
উঠা জাগা কোৱা কথা কোৱা
আকৌ এবাৰ মাত দিয়া মােক চোৱা ।

Leave a Reply