ককাল খামুচীয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰী

জুবিন গাৰ্গ

ককাল খামুচীয়া গাল গুলপীয়া
তুমি কোন সৰগৰ পৰী
কজলা চকুৰে পদুমী খােজেৰে ।
নিলাহি মন মােৰ হৰি

গাঁৱৰে জীয়ৰী থাকিবা আতৰি
চুলে মাৰিব বিজুলী

ধানী পথাৰৰ সােণােৱালী শইচত
জিলিকে আমাৰে আশা।
ঘৰে ঘৰে বন্তি জ্বলিলেই গধূলি
শেৱালি সৰিলেই পুৱা।
চহৰৰ ডেকা ল’ৰা হেনাে মিছলীয়া।
নবুজে মনৰে ভাষা।
আমি গাঁৱলীয়া সৰল আলসুৱা
নুশুনাে চলাহী কথা।

ভুল কৰিবা যদিহে বুজি মােক নুবুজা
আকলুৱা মনৰে ভাষা
ভুল কৰিছা যদিহে দেখি মােক নেদেখা
নুবুজা কলিজাৰ বেথা

নৈৰ পাৰে পাৰে উৰে আমাৰ মন।
হেঁপাহৰ ৰঙীন পখিলা
জোনাক নামিলেই সােণাৰু ফুলিলেই
সপােনে কৰে ৰাসলীলা
কঁহুৱাৰ মলয়াই নিতে আহি চুই যায়
পদূলিত উৰুৱাই ধূলি
কপৌ পাৰৰ মাত চোতাল শুৱনি
শালিকীৰাে গুণগুণনি

তুমি আহিবা নৈৰে ঘাটলে গধূলি
সকলাে কম মই খুলি
তুমি জানিবা দেখিবা বুজিবা সকলাে
নেভাবিবা মিছলীয়া বুলি।

Leave a Reply