এতিয়া আছে মাথোঁ
তেজৰঙা এখন নদী
মােৰ জীৱন জুৰি বয়
দুখৰে ঢৌ তুলি
নাই কোনাে সীমনা
দুহাতে সানি লওঁ
তপত চকুলাে
চকুৰ পতাত আজি
এন্ধাৰ আঁকিলাে।।
বুকু উজাৰি
যায় সময়।
নীৰৱ স্বপ্ন হৈ
বুকু আজি শিল হৈ
শিল হৈ ৰয়
এতিয়া আছে
সোঁৱৰণীয়ে আজি
দিয়েহি বেদনা
নিজকে বিলাইদি
নেপালে প্রেৰণা
কোন সীমনাত আছে সময়
মৰমৰ বৰষা হৈ
মনে আজি বাট চাই
শিল হৈ বয়
এতিয়া…।।