আজি মন্দিৰ দুৱাৰ খােলা – ৰাভা সংগীত || বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

                    ৰাভা সংগীত
আজি মন্দিৰ দুৱাৰ খােলা
(আজি) মন্দিৰ দুৱাৰ খােলা!
বহে মিলনৰ উৎসৱ মেলা!
শুনাে মংগল আৰতি গান
নাচি উঠে ভকতৰে প্রাণ
হ’ল যে পূজাৰে বেলা
মন্দিৰ দুৱাৰ খােলা
স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছোঁ পাতি
পুষ্পিত মন্দিৰ কানন বীথি
ফুলনিৰ তলসৰা
তুলি ফুল মনােহৰা
গাঁথিলো উলাহে মালা
হ’ল যে পূজাৰে বেলা
মন্দিৰ দুৱাৰ খােলা ।

Leave a Reply