অসমীয়া স্বৰবৰ্ণ || স্বৰবৰ্ণ কেইটা

নতুন পোহৰ
যি বিলাক ধ্বনি উচ্চাৰণ কৰোতে বায়ুপ্রবাহ বাধাপ্রাপ্ত নহয়, জিভাৰ সঞ্চালনৰ যােগেদি বায়ুৰ সোঁত নিয়ন্ত্রিত হৈ থাকে তাকে স্বৰধ্বনি বেলে। সেইবাবে স্বৰধ্বনি একেবাৰে দীঘলীয়াকৈ উচ্চাৰণ কৰিব পাৰি।  এনে  ধ্বনিসূচক চিনবােৰোকে স্বৰবৰ্ণ বোলে ।
সংস্কৃত ভাষাৰ আৰ্হিতে অসমীয়া ভাষাৰ বৰ্ণমালা অথবা আখৰবােৰ গঢ় দিয়া হৈছে। প্রচলিত
স্বৰবৰ্ণ এঘাৰটা।
অ, আ, ই, ঈ
উ, ঊ, ঋ
এ, ঐ, ও, ঔ
সংস্কৃতৰ ঋ  বৰ্ণৰ ব্যৱহাৰ অসমীয়াত নাই।
সংস্কৃতত উচ্চাৰণৰ মাত্রাভেদে স্বৰবৰ্ণক হ্রস্ব আৰু দীর্ঘ দুটা ভাগত ভগােৱা হৈছে। অসমীয়া ভাষাত কওঁতে হ্রস্ব আৰু দীর্ঘ শব্দ ব্যৱহাৰ কৰিলেও আচল অর্থত এনে মাত্রাভেদ নাই।
সংস্কৃত ব্যাকৰণৰ অনুৰূপত অ, ই, উ, ঋ হ্রস্বস্বৰ আৰু আ, ঈ, উ, এ, ঐ, ও, ঔ, দীর্ঘস্বৰ। ঐ আৰু ঔ-ক দ্বিস্বৰ বােলা হয়।
কিয়নাে, অ+ই=ঐ আৰু অ+উ=ঔ।’

লগতে চাওক :

অসমীয়া ভাষা || অসমীয়া ভাষাৰ উৎপত্তি   , ব্যঞ্জনবর্ণ

 

Leave a Reply