অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত মাঘ বিহু অন্যতম। চৌদিশ উখল-মাখল হয় মাঘ বিহুৰ সময়ছোৱাত। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়।
এই সংক্রান্তিক মাঘী সংক্রান্তি বোলা হয়। পুহ মাহৰ হাড় কাপোৱা জাৰে মেলানি মাগে। উত্তাপৰ আগমন হয় এই মাঘ মাহতে।আনন্দ-স্ফূর্তিৰে চেঙেলীয়া ল’ৰাহঁতে পথাৰত থকা শুকান নৰাবোৰ গোটাই এটা সুন্দৰ ঘৰ সাজে। যাক কোৱা হয় মেজিঘৰ বা ভেলাঘৰ।
এই ফালৰ পৰা অগ্নি পূজাৰ পৰম্পৰা আৰ্যসকলৰ সময়ৰ পৰা অহা বুলি ধৰি ল’লেও প্ৰকৃততে ব’হাগ আৰু কাতি বিহুৰ নিচিনাকৈ ইয়ো এটা কৃষিভিত্তিক অনুষ্ঠান। দোক্মোকালিৰ সময়ত সকলোৱে গা-পা ধুই এযোৰ পাণ-তামোল আৰু টকা এটা মেজিটোৰ তলত অৰ্পণ কৰে আৰু জয়ধ্বনি দি অগ্নিদেৱতালৈ প্ৰাৰ্থনা জনাই মেজি জ্বলায়। কণ কণ ল’ৰা-ছোৱালীহঁতে ন-সাজ পৰিধান কৰি অনা তিল পিঠা, তেল পিঠা, মাহ কৰাই আনি প্ৰথমতে জ্বলি থকা মেজিটোলৈ আগবঢ়োৱাৰ পিছত গাঁওৰ মানুহে নাম কীৰ্তন কৰি উপস্থিত ৰাইজক বিলাই দিয়ে।
পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত৷
এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে ।
মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি জ্বলোৱা। এই বিহুক ধৰ্মীয় ৰূপ দিবৰ কাৰণে মকৰ সংক্ৰান্তিও বোলে৷ এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়৷
জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমুহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।
লগতে চাওক – বিহুগীত || বিহুনাম || যোজনা বিহু || বিহু’ শব্দৰ উৎপত্তি || বিহুৰ ইতিহাস || বিহু ৰচনা , সাত বিহু