শব্দ – এইটোৱেই আৰম্ভণি , প্ৰথম আমি শিকিছিলোঁ

Zubingarg

এইটোৱেই আৰম্ভণি , প্ৰথম আমি শিকিছিলোঁ
বুজি পাইছিলোঁ নিজকে নিজৰ অস্তিত্বক
ই প্ৰথম শব্দ , কথা কলো শৈশৱ শিকিলোঁ ,
দেখিলো , জানিলো, আমি শব্দৰ সমাহিত
হঠাৎ শব্দ ভুল এতিয়া আমি কওঁ নিজেই
নাজানো কিমান কওঁ কিমান ৰাখিব পাৰো
আমি নিৰ্লজ্জ …
শব্দ যদি প্ৰেৰণা হয় , শব্দ যদি শকতি হয় ,
শব্দ আজি কিয় শংকিত , শব্দ যদি ব্ৰহ্মবৃক্ষ
শব্দ যদি চিৰশুদ্ধ , শব্দ আজি কাৰাৰুদ্ধ
শব্দ আজি নিজেই নিজত আবদ্ধ ।
ইউক্লিপটাছ গছৰ দৰে ওখ হব খোজো মই
কিছুমান ভয়ানক শব্দই মোৰ
অস্থিত্বক বিলীন কৰি মোক শেষ কৰি
জন্ম দিব খোজো কিছুমানক , যাৰ কোনো
জন্ম লোৱা অধিকাৰ নাই তথাপি যুঁজাৰু
মই জন্মগত আমৰণ মোৰ সংকল্প
অস্থিত্ব অপৰাজেয়
শব্দ মানে আজি যুদ্ধ
শব্দ আজি মাথোঁ ক্ষুব্ধ
শব্দই আজি নানে কোনো আদর্শ
কিয় শব্দ আহে যাতনা হৈ
শব্দ যদি মৰণৰ নৈ শব্দ আজি কিম্বা অপশিল্প
শব্দ যদি ঘৃণা শব্দ শব্দ জন্তুলৈ লিপ্ত
শব্দ মোৰ সৃষ্টিৰ বিলুপ্ত
মুগ্ধ শব্দ…প্ৰেৰণা…সংকুচিট…আবদ্ধ
যদিও পৃথিৱী নিঃশব্দ মই মুক্ত সশব্দ ।।

Leave a Reply