মাঘ বিহুৰ পৰম্পৰা

মাঘ বিহুৰ পৰম্পৰা



মাঘ বিহুৰ পৰম্পৰা অতি পুৰণি। বহুতে ক’ব বিচাৰে যে অসমলৈ পোনপ্ৰথমে অগ্নি পূজাৰ পৰম্পৰা কঢ়িয়াই আনিছিল নেগ্রীতু (নর্দিক) জাতিৰ আংগামী নগাসকলে। যি কি নহওক, বড়ো ভাষাৰ ‘মাজি’ শব্দৰ পৰা ‘মেজি’ শব্দৰ উৎপত্তি বুলি অভিহিত কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে

। বড়োসকলে এই উৎসৱক ‘দমাছী’ বুলি কয়। ড০ মহেশ্বৰ নেওগদেৱে ‘মেজি’ শব্দটো সংস্কৃত ‘মেধা শব্দৰ পৰা আহিছে বুলি মতপোষণ কৰিছে। ড০ লীলা গগৈদেৱৰ মতে আলপাইনসকলে পূজা কৰা অগ্নিক ‘মেজিক’ মেজাই বুলিছিল, তাৰ পৰা মেজি শব্দটো উৎপত্তি। ড০ ডিম্বেশ্বৰ শৰ্মাদেৱে তেওঁৰ ‘Religious Fairs and Festivals of Assam নামৰ প্ৰবন্ধত লিখিছে ‘This is a relic of the Fireworship bequeathed by the so-called Aryan race, our ancestors.’ তাই আহোমসকলে মেজিক ‘বাপু মেজি’ বা ‘মাইকু-ছোংফাই’ বুলি কয়। আর্যসকলে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ মহাব্ৰত অনুষ্ঠান অনুষ্ঠিত কৰি অগ্নি পূজা কৰিছিল।

আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায় ৷ বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল ৷ স্বৰ্গদেউসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল ৷ আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল৷ সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায় ৷ 
অসমৰ মাঘ বিহু উদ্‌যাপিত হৈ থকা সময়ছোৱাত ভাৰতৰ অন্যান্য জাতি-জনগোষ্ঠীৰ মাজতো অগ্নি পূজা চলি থকা দেখিবলৈ পোৱা যায়। বাঙালীসকলে মাঘ বিহুক পৌষ সংক্রান্তি বুলি কয়। তেনেদৰে উড়িয়াসকলেও পৌষ সংক্রান্তি অনুষ্ঠিত কৰে। তামিলসকলে ‘পুংগল’ নামেৰে এক ভোগৰ উৎসৱ পালন কৰে। পৌষ সংক্রান্তিত চাহ জনগোষ্ঠীসকলে উদযাপন কৰা ‘টুচু পৰৱ” অগ্নিৰ লগত জড়িত।
অগ্নি উংসৱ কেৱল ভাৰততে নহয় বিশ্বৰ অন্যান্য প্ৰান্ততো পালন কৰা হয়। শস্যৰ শ্ৰীবৃদ্ধিৰ হেতু জাৰ্মানীৰ কোনো কোনো অঞ্চলত অগ্নি পূজা অনুষ্ঠিত কৰা হয়। ছুইজাৰলেণ্ডত লেণ্ট’ৰ প্রথম দেওবাৰে জুমুঠি বা মেঘৰ জ্বলোৱাৰ পৰম্পৰা অতি পুৰণি। ফ্ৰান্সৰ কোনো কোনো অঞ্চলত শস্য পথাৰত সোমাওঁতে জোঁৰ লৈ যোৱাটো এক প্ৰকাৰৰ নিয়ম। ইয়ো অগ্নি পূজাৰে নামান্তৰ। তেনেদৰে ‘বিড়লী দাহ’ নামৰ একপ্ৰকাৰৰ প্ৰথা ইউৰোপৰ অঞ্চলবিশেষে পালন কৰা দেখা যায়।
ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিছিল।





লগতে চাওক –  বিহুগীত || বিহুনাম || যোজনা   বিহু || বিহু’ শব্দৰ উৎপত্তি || বিহুৰ ইতিহাস || বিহু ৰচনা   , সাত বিহুমাঘ বিহু


Leave a Reply