ভাষা || ভাষা কাক বােলা || অসমীয়া ভাষা

নতুন পোহৰ

 

কোনাে বিশিষ্ট জনসমষ্টিৰ মাজত পাৰস্পৰিক মনৰ ভাব আদান-প্রদানৰ অর্থে ব্যৱহাৰ হােৱা স্পষ্ট অর্থযুক্ত ধ্বনিসমষ্টিকে ভাষা বােলা হয়। ভাষাৰ কথিত আৰু লিখিত ৰূপ বেলেগ বেলেগ।পৃথিৱীৰ প্রত্যেক ভাষাতে কথিত আৰু লিখিত দুটা ৰূপ পােৱা যায়। ভাষাৰ আন এটা মন কৰিবলগীয়া কথা হ’ল— বৃহৎ অঞ্চল এটাত বিয়পি পৰা ভাষা এটাই অঞ্চলটোৰ খণ্ড বা অংশ বিশেষে সুকীয়া ৰূপ পোৱা দেখা যায়। ইয়াৰ ফলত মূলত: একটা ভাষা হ’লেও খণ্ডই খণ্ডই লােৱা সুকীয়া ৰূপৰ বাবে খণ্ডই খণ্ডই ভাষাটোৰ ধ্বনি, ৰূপ, শব্দ, বাক্য গঠন, প্রকাশভংগী আদিত পার্থক্যই দেখা দিয়ে। এনেদৰে মূল ভাষাটোৰপৰা সামান্য ফালৰি কাটি গঢ় লােৱা খণ্ড বা অংশ একোটাৰ ভাষাকে মূল ভাষাটোৰ উপভাষা (Dialect) বােলে। উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ কামৰূপ অঞ্চলত প্রচলিত কামৰূপী উপভাষাৰ কথা ক’ব পাৰি। এনেদৰে বৃহৎ অঞ্চলটোৰ খণ্ডই খণ্ডই গঢ় লৈ উঠা উপভাষাসমূহৰ মাজৰ যিটো ভাষাক অঞ্চলটোৰ সমূহীয়া কাম-কাজ চলাবলৈ নির্বাচন কৰি লােৱা হয়, সেই ভাষাটোকে মান্যভাষা (Standard Language) বােলা হয় ।
উদাহৰণস্বৰূপে মান্য অসমীয়া ভাষাৰ কথা কব পাৰি। অসমৰ উজনি, নামনি আৰু মধ্য অঞ্চলত প্রচলিত উপভাষাসমূহৰ মাজৰপৰাই অসমীয়া ভাষাৰ মান্যৰূপটো গ্ৰহণ কৰি উমৈহতীয়া কাম কাজ চলােৱা হৈছে। ভাষাৰ এই মান্যৰূপটোৱে হ’ল উমৈহতীয়া লিখিত ৰূপ। এই ৰূপটোতে পুথি-পাঁজি লিখা হয় আৰু বিদ্যায়তনিক কাম-কাজ চলােৱা হয়।

লগতে চাওক :

Leave a Reply