গণৰাজ্য দিৱস

গণৰাজ্য দিৱস

গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে  1950 চনৰ 26 জানুৱাৰী তাৰিখটোৰ পৰাই আমাৰ সংবিধান খন কাৰ্যকৰী কৰা হয়। অৰ্থাৎ এই দিনটোৰ পৰাই আমাৰ দেশ খন আমাৰ সংবিধানৰ নীতি নিয়ম অনুযায়ী পৰিচালিত হয়, তথা সংবিধানখন  আমাৰ দেশে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। আজিৰ এই দিনটোৰ সৈতে দেশৰ স্বাধীনতা ৰ প্ৰসংগ ও নিশ্চিত ভাৱেই জড়িত হৈ আছে। প্ৰায় দুশ বছৰ ৰাজত্ব কৰা বৃটিছৰ বিৰুদ্ধে ভাৰতৰ জনতাই আন্দোলন সংগ্ৰামেৰে স্বাধীনতা অৰ্জন কৰাৰ গৌৰৱময় ইতিহাসৰো সাক্ষী আজিৰ এই দিনটো। কিয়নো স্বাধীনতা অৰ্জনৰ পিছত দেশক পৰিচালনা কৰাৰ স্বাৰ্থত নিশ্চয়কৈ এখন সু শৃংখল, সৰ্বজনগ্ৰাহ্য সংবিধানৰ প্ৰয়োজনীয়তা আহি পৰিছিল‌। সেয়ে স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা সংবিধান সভাই পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধান অধ্যয়নৰ মাজেৰে আমাৰ দেশৰ কাৰণেও এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ কাম হাতত লৈছিল। প্ৰায় বহু কেইটা বছৰৰ অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা সংবিধান সভাই অৱশেষত ভাৰতবাসীৰ বাবে এখন পূৰ্ণাংগ সংবিধান ৰচনা কৰি উলিয়াইছিল। সেই সংবিধান খনেই আনুষ্ঠানিক ভাৱে কাৰ্যকৰী ৰূপ পায় আজিৰ এই দিনটোতেই অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখে। যিয়ে নহ ওক ভাৰতবৰ্ষৰ সংবিধান খন হৈছে আমাৰ মূল ভেটি। ৰাষ্ট্ৰৰ সকলোবোৰ ক্ষমতা সংবিধানে নিৰ্দ্ধাৰণ কৰি দিছে আৰু সেইমতেই আমাৰ দেশৰ কাম কাজ পৰিচালিত হৈছে। সেয়ে গণতন্ত্ৰ দিৱস পালনৰ মাজেৰেও আমি আমাৰ সংবিধানৰ মান্যতাকেই স্বীকাৰ কৰি আহিছোঁ। যি নহওঁক ভাৰতবৰ্ষ থকালৈকে গণতন্ত্ৰ দিৱসৰ এই মহান ঐতিহ্যক আমি সদায়ে শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব তথা গণতন্ত্ৰ দিৱস উদযাপনৰ মাজেৰে সংবিধানে আমাক দি থৈ যোৱা ধৰ্মনিৰপেক্ষ, সমাজবাদী, ভাতৃত্ববোধ আৰু একতাৰ চৰিত্ৰক অক্ষুণ্ণ ৰখাৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগিব।

মহাত্মা গান্ধী নেতৃত্বত অহিংসা আৰু অসহযোগ আন্দোলনৰে পূৰ্ণ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পাছত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। জৰ্জ ষষ্ঠক ৰাজ্যৰ মূৰব্বী আৰু আৰ্ল মাউণ্টবেটেনক গভৰ্ণৰ জেনেৰেলৰূপে লৈ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে সাংবিধানিক ৰাজতন্ত্ৰ হিচাপে স্বাধীনতা পায়। কিন্তু তেতিয়া ভাৰতৰ স্থায়ী সংবিধান নাছিল। আইনসমূহ পৰিৱৰ্তিত ঔপনিবেশিক ভাৰত চৰকাৰ অধিনিয়ম ১৯৩৫ক ওপৰত নিৰ্ভৰশীল আছিল। ১৯৪৭ চনৰ ২৮ আগষ্টত ড° বি আৰ আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা সমিতি গঠন কৰা হয়। ১৯৪৭ চনৰ ৪ নৱেম্বৰত এখন খচৰা সংবিধান প্ৰস্তুত কৰি সংসদত দাখিল কৰা হয়। সংবিধান গৃহীত কৰাৰ পূৰ্বে ২ বছৰ, ১১ মাহ আৰু ১৮ দিনৰ ভিতৰত সংসদৰ সদস্যসমূহ ১৬৬ দিনৰ বাবে মিলিত হয়। কিছু পৰিৱৰ্তনৰ পাছত ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংসদৰ ৩০৮ জন সদস্যই নথিখনৰ দুটা হাতে লিখা প্ৰতিলিপিত (এটা হিন্দী, এটা ইংৰাজী) স্বাক্ষৰ কৰে। দুদিন পাছত দেশজুৰি এই সংবিধান গৃহীত হয়। ভাৰতীয় সংবিধানেই হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান।

এই সংবিধানত মুঠ ২৪টা অংশ ৪৪৮টা ধাৰা, ১২টা তফছিল আৰু ১১৩টা সংশোধনী আছে। ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণৰ মুঠ শব্দসংখ্যা ১১৭,৩৬৯ টা। এই সংবিধানখন প্ৰৱৰ্তনৰ লগে লগে পূৰ্বপ্ৰচলিত ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অৱসান ঘটে। দেশৰ সৰ্বোচ্চ আইন হোৱাৰ বাবে, ভাৰত চৰকাৰ প্ৰৱৰ্তিত প্ৰতিখন আইনক সংবিধান- অনুসৰিহে কৰা হয়।

 

Leave a Reply