এতিয়া জনকে – এতিয়া জোনাকে ন মায়া ৰছে এতিয়া ডাৱৰে ন  খেলা পাতে

Zubingarg

এতিয়া জোনাকে ন মায়া ৰছে
এতিয়া ডাৱৰে ন  খেলা পাতে
তুমি অহা বাবে পোহৰে পাখি মেলে
সাৰ পালে সপোনে
এতিয়া জন জ্বলে মোৰ দুচকুতে
এতিয়া ফুল ফুলে ৰঙা কলিজাতে
তুমি আছা কাষতে মন নদী উপচাই
মৰমে বুকু শিপাই

উশাহে-নিশাহে মৰমৰে কণা
থৌকী-বাথৌ হিয়া
বাহিৰে-ভিতৰে উমি উমি জ্বলে
কামনাৰে ভৰা তৃষ্ণা
মেঘে মেঘে যেন উতলা যৌৱন
মেঘে মেঘে যেন উতলা যৌৱন
বেদনা দূৰ আজি , দুচকুত জোনাকী ভৰা

আকাশে আকাশে জীৱনৰে ৰং
আজি দেখোঁ হিয়া আছে
ফুলে পাতে শুনো সপোনৰে সুৰ
জোনাকো দুকাষে নামে
এই মধু ক্ষণ নোভৰে যেন মন
এই মধু ক্ষণ নোভৰে যেন মন
চোৱা মোৰ দুচকুৰে নিজকে বিচাৰি পাবা ।।

Leave a Reply