আহে বা নাহে – ঘুমটি আহিব ৰাতি সপোনকে লৈ

Zubingarg

আহে বা নাহে ঘুমটি আহিব ৰাতি
সপোনকে লৈ

থাকে বা নাথাকে শাওনৰে ঢল
তুমি মৰমৰে নৈ

দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ
তুমি ৰোৱা যেন মোলে ।

চোৱে বা নোচোৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে

নাচে বা নানাছে জোনাকী হৈ
তুমি সোন নাচিবা তোমাৰ হিয়াতে ৰৈ

জোৰে বা নোজোৰে বান্ধি লম
কিনো মৰমৰে এনাজৰীকে পাওঁ

বহে বা নোবহে ফুলতে গৈ
ৰঙিলী পখিলি তুমি ৰঙৰে ছৈ…।।

1 thought on “আহে বা নাহে – ঘুমটি আহিব ৰাতি সপোনকে লৈ”

Leave a Reply