নৱৰাত্ৰি

নৱৰাত্ৰি

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ নৱৰাত্ৰিক সাধাৰণতে দুৰ্গাপূজা  নামেৰে জনা যায়। ভাৰতবৰ্ষত হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হৈছে দুৰ্গাপূজা ৷ শাস্ত্ৰ অনুসৰি আহিন মাহৰ শুক্লপক্ষত শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হয় ৷ এই পক্ষটোক দেৱীপক্ষ বুলিও কোৱা হয়৷ সাধাৰণতে দেৱীপক্ষৰ ষষ্ঠ দিনটোৰপৰা দশম দিনলৈকে দুৰ্গাপূজা পালন কৰা হয়৷ এই পাঁচদিন ক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী হিচাপে জনা যায়৷ দেৱীপক্ষৰ পূৰ্বৱৰ্তী অমাৱস্যাক মহালয়া বোলে৷ এই মহালয়াৰ পিছদিনাৰ পৰা, অৰ্থাৎ দেৱীপক্ষৰ প্ৰতিপদৰ পৰা মহানৱমীলৈকে এই ন টা দিন নৱৰাত্ৰি হিচাপে পালন কৰি দেৱী দুৰ্গাৰ ন টা ৰূপৰ উপাসনা কৰা হয় ৷  নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি   দেৱী ভগবত , কলিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।

বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়।

 

Leave a Reply