শুনা সেই গান – ৰাভা সংগীত

বিষ্ণুপ্ৰসাদ ৰাভাৰ গান

শুনা সেই গান
তোমাৰ হিয়াত যাৰ সুৰ
ঘুমুটিত সপোন বিভোৰ
আজি জাগিব সেই সুৰ
শুনি গান ।
যি সুৰৰ মধু পৰশত
আখি মুদ খায় অৱশেষত
হিয়া বান্ধ খাই প্ৰণয়ত
প্ৰেম ৰসে ধুই আকুল পৰাণ।।
যি সুৰৰ মোহিনী গুণত
আহিব সৰগ সপোনত
নাচিব বহাগী তালে তালে
বুলাব ৰঙা জেতুকা বোলে ।
জোনায়ে বিলাব নিৰমলা
দুয়োৰে শিৰত দিব ঢালি
মেলিব প্ৰণয় শিকলি
আজি বান্ধিব দুয়োকে সুৰ গান ।।

Leave a Reply