শিক্ষক দিৱস

                     গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু,
                 গুৰু দেৱ মহেশ্বৰ গুৰু
                       সাক্ষাৎ পৰমব্ৰক্ষ্ম
                 তস্মৈশ্ৰী গুৰুৱে নম: ৷৷
 
শিক্ষক দিৱস
ড . সৰ্বপল্লী ৰাধাকৃষ্ণণ
 
আজি শিক্ষক দিৱসৰ মধুৰ ক্ষণত , “হে শিক্ষাগুৰু” আপোনালোকৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তথা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে প্ৰজ্ঞাৰ বীজ যুগে যুগে সিঁচি যাওঁক আৰু সেই প্ৰজ্ঞাৰ বীজৰ পৰা প্ৰস্ফুটিত হওঁক মূল্যবোধ, অহিংসা, শান্তি -সম্প্ৰীতি, একতা ইত্যাদিৰে সম্বৃদ্ধ সমাজ,জাতি আৰু দেশ।
আজি ৫ ছেপ্টেম্বৰ   ড . সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন । সেয়েহে সমগ্ৰ ভাৰতবৰ্ষতে আজি তেওঁৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে উদযাপন কৰা হয় । এই শুভক্ষণতে মই সেই সকল শিক্ষা গুৰুক শ্ৰদ্ধা নিবেদিব খুজিছোঁ যিসকলে  আমাক হাতত ধৰি পোহৰৰ বাট দেখাইছে  । শিক্ষা সমাজ সংস্কাৰৰ ঘাই শিপা জাতিৰ মেৰুদণ্ড |
১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি, ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় তেতিয়া ৫ ছেপ্তেম্বৰৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে এগৰাকী ছাত্ৰই অনুমতি বিচাৰিছিল । তেতিয়া সিদ্ধ পুৰুষ, মহান গুণৰ অধিকাৰী গৰাকীয়ে কৈছিল যে –মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয় কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই আৰু অধিক আনন্দিত হম । লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰি কয় যে-
“teachers should be the best minds in the country”
    তাৰ পিছত ১৯৬২ চনৰ পৰা প্ৰতি বছৰে ৫ ছেপ্তেম্বৰ তাৰিখটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে ।

 

ভাৰতীয় বৰ্ষপঞ্জী মতে গুৰু পূৰ্ণিমাৰ দিনা পৰম্পৰাগত আৰু বৈদিক শিক্ষক দিৱস পালন কৰা হয়। বৌদ্ধধৰ্মী, জৈন, ভাৰত আৰু নেপালৰ হিন্দুসকলে এই দিনত গুৰুসকলক সন্মান যাচি কৃতজ্ঞতা প্ৰকাশ কৰে।
শিক্ষক দিৱস  বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন হয় ।

1 thought on “শিক্ষক দিৱস”

Leave a Reply