ভিটামিন | ভিটামিন কাকে বলে | ভিটামিনৰ অভাৱত হোৱা ৰোগ

 

ভিটামিন A , নতুন পোহৰ

ভিটামিন কাকে বলে :

ভিটামিন : খাদ্যপ্ৰাণ হ’ল একপ্ৰকাৰ প্ৰবল শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ১৯১২ চনত প’লেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংক এ সৰ্ব্বপ্ৰথমে খাদ্যত থকা এই দ্ৰব্যবোৰক ‘ভিটামিন’ বুলি নামকৰণ কৰিছিল। ভিটামিনবোৰক ইংৰাজী বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয়। যেনে – ভিটামিন A,C,D,E,K আৰু B কমপ্লেক্স। ভিটামিন বা খাদ্যপ্ৰাণ হ’ল একপ্ৰকাৰৰ জটিল জৈৱ যৌগ যি পৰিমাণত অলপ হ’লেও প্ৰাণীদেহৰ বৃদ্ধিৰ বাবে অতি আৱশ্যকীয়। ইয়াৰ অভাৱত প্ৰাণীদেহে বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হয় ।

  • জীৱদেহৰ স্বাভাৱিক পুষ্টি,বৃদ্ধি প্ৰভৃতি অত্যাৱশ্যকীয় জীৱন-প্ৰক্ৰিয়া সুস্থভাৱে সম্পাদনৰ বাবে ভিটামিন অপৰিহাৰ্য।
  • বেছিভাগ ভিটামিনৰ প্ৰধান উৎস হ’ল উদ্ভিদ; অৱশ্যে কিছুমান ভিটামিন প্ৰাণী তথা মানুহৰ দেহত সংশ্লেষিত হয়।
  • খাদ্যত ভিটামিন অতি অলপ পৰিমাণে থাকিলেও ই কোষৰ নানাবিধ বিপাকীয় ক্ৰিয়াত সাহায্য কৰে।
  • ভিটামিনৰ শক্তি উৎপাদনৰ ক্ষমতা সাধাৰণতে নাথাকে যদিও পৰোক্ষভাৱে ই শক্তি উৎপাদনত সহায় কৰে।
  • খাদ্য বেছি সিদ্ধ কৰিলে নাইবা শুকালে অধিকাংশ ভিটামিন বিনষ্ট হয়।
  • বিভিন্ন ভিটামিনৰ অভাৱত বিপাকীয় ক্ৰিয়া বিঘ্নিত হয় আৰু ভিটামিনৰ অভাৱজনিত নানা ৰোগৰ সৃষ্টি হয়।

 


ভিটামিনৰ অভাৱত ছয় প্ৰকাৰৰ ৰোগ হব পাৰে  :

১/ ভিটামিন   A   ৰ ফলত কুকুৰীকণা ।

২/ ভিটামিন   B   ৰ  ফলত বেৰী – বেৰী।

৩/ ভিটামিন   C   ৰ  ফলত  স্কাৰ্ভি ।

৪ / ভিটামিন  D   ৰ  ফলত ৰিক্ৰেট্ৰস।

৫/  ভিটামিন  E   ৰ  ফলত নপুংসকতা ।

৬/  ভিটামিন  K   ৰ  ফলত তেজ নোহোৱা ।

Leave a Reply