কিবা যেন নাই আজি নাই -ৰাভা সংগীত

বিষ্ণুপ্ৰসাদ ৰাভা
কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি-  “হায় হায় ” ।।
মেলি ধুমুহা তাইৰ কলা চুলি টাৰ
লুকুৱাই তৰা – জোন কৰে যে এন্ধাৰ ।
কতেনো বা অকৰুণ সেই কাৰাগাৰ ,
য’ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই ?
গৰজি ডাৱৰ তুলি বিজুলী নিচিনা ,
দিয়ে শাওনৰ বাৰিষাৰ সমিধান ,
ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ ,
লগে লগে হয় মোৰ জীৱন বিষাণ ।
বাহিৰত বৰষুণ পৰে ধাৰাসাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটন কৰে মোৰ মন যে এষাৰ ,-
‘ মোৰ প্ৰিয়া নাই ! মোৰ প্ৰিয়া নাই !!

Leave a Reply