উলাহেৰে নাচি বাগি – ৰাভা সংগীত

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

উলাহেৰে নাচি বাগি
হলি বিয়াকুল
তালে তালে হালি জালি
কৰিলি আকুল ।
গালোতে তই বলোৱালি
সেন্দুৰীয়া বোল
কাণতে তই আৰি ললি
ৰূপৰ কপৌ ফুল
ছেৱে ছেৱে হালি জালি
কৰিলি আকুল
কৰিলি বিভোল ।।

Leave a Reply