নৰ্মদা বাচাও আন্দোলন

নৰ্মদা বাচাও আন্দোলন
 
নতুন পোহৰ
 
 
 
 
নদীৰ বৃহৎ বান্ধৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ বিতৰ্ক আৰু  পৃথিৱীবিখ্যাত আন্দোলন হল নৰ্মদা সাগৰ বান্ধ বিৰোধী আন্দোলন । নৰ্মদা সাগৰ পৰিকল্পনা আৰু চৰ্দাৰ সৰোবৰ পৰিকল্পনা এই প্ৰকল্পৰ অন্তৰ্ভুক্ত ।

 

পৃথিৱীৰ এই বৃহত্তম প্ৰকল্পৰ খৰছ সম্পৰ্কে না না ধৰণৰ  পৰস্পৰ বিৰোধী হিচাপ হৈছে । এই প্ৰকল্পৰ মুঠ খৰছ ৩০ হাজাৰ কোটিৰ ঠাইত ৭০ হাজাৰ কোটি বুলি উল্লেখ হৈছে । এই প্ৰকল্পত ৩০ টা ডাঙৰ বান্ধ আৰু ৩০০০ টা সৰু বান্ধ  পৰিকল্পিত হৈছে   ।  হিচাপ অনুযায়ী দুয়োটা প্ৰকল্পৰ দ্বাৰা  ৩৮ হাজাৰ হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা হব আৰু ২৫০০ মেগা ৱাট বিদ্যুৎ উৎপাদন হব । কিন্তু এই প্ৰকল্পৰ ফলত প্ৰায় এক  লাখ ত্ৰিশ হাজাৰ  হেক্টৰ খেতিৰ মাটি প্লাৱিত হব আৰু দেৰলাখ মানুহ গৃহহীন হব ।

 

 গতিকে এই বান্ধক লৈ পৰিবেশ বাদী সকলৰ ঘৰ আপত্তি । লাখৰ ঘৰত মানুহ উচ্ছেদ আৰু প্ৰাকৃতিক ভাৰসাম্য বিনিষ্ট হোৱাৰ আশংকাত পৰিবেষবাদী সকলৰ নেতৃত্বত গঢ়ি উঠিছে ব্যাপক আন্দোলন  ।  কিন্তু ব্যয়ৰ পৰিমাণ অধিক হব । ব্যয় অনুযায়ী উপযোগিতা তেনেই নগণ্য বুলিও যুক্তি দৰ্শোৱা হৈছে । উচ্ছেদ হোৱা মানুহৰ পুনব্ৰাস অসম্ভৱ বুলি কোৱা হৈছে । গতিকে এই প্ৰকল্পৰ এলেকাত ক্ষতিগ্ৰস্ত হোৱা মানহু দৰিদ্ৰতাৰ কৱলত পৰাটো প্ৰায় নিশ্চিত । এনেকুৱা না না প্ৰশ্ন , না না আশংকাৰ ভিত্তিত গঢ়ি উঠিছে নৰ্মদা সাগৰ বান্ধ বিৰোধী ব্যাপক গণ আন্দোলন ।

Leave a Reply