লগন উকলি গল

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত


 

লগন উকলি গল-
তেওঁ যেন নহল কোৱা ,
মনৰ কথাটো মোৰ
হিয়াত গুপুতে থোৱা ।
কিমান হেঙুলি উষা
কিমান জোনালী নিশা
মিছতেই গল মোৰ
কিমান গধূলি পুৱা ।
মলয়াই কানে কানে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়ায়ো গান জুৰে ।
শুনিছানে সেই সুৰ
পৰানত তোলা মোৰ
হৃদয়ৰ গোৱা গান –
‘ ভাল পোৱা ভাল পোৱা ।।’

Leave a Reply