মায়াবিনী ৰাতিৰ বুকুত – Mayabini Ratir Bukut

জুবিন গাৰ্গৰ গীত
জুবিন গাৰ্গ
মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ মোৰ দেহত প্রতি পুৱাত
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব ভাবো তোমাৰ বুকুত
প্রতি শৰতৰ প্রভাতী ফুলে ক’ব তোমাকেই মোৰ কথা
প্রতি মেঘালী নিশা জোনে ক’ব তোমাকেই মোৰ বেথা
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব ভাবো তোমাৰ বুকুত
দুচকুৰে তোমাক চালে সপোন আঁতৰি দিঠক নামে
চুব খুজিলে মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব ভাবো তোমাৰ বুকুত

Leave a Reply