মনৰ নিজানত

জুবিন গাৰ্গৰ গীত
জুবিন গাৰ্গ
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
হঠাতে  শুকালে পোহৰৰ ফুলনি
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰা
হৃদয় আবেগক নোৱাৰে সহিব
চকুলো বাগৰে নীৰৱে
কিমান সাৱটিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱা
দুখৰ তৰা হয় নাচাবা চকু মেলি
ওৰে নিশা ।।
জীৱন সুৰভি তোমাৰ মাজতে
আছিলে অকলে নীৰৱে
সঁচা প্ৰেমৰো উশাহ আছিলে
অকলশৰীয়া বুকুতে ।।

 

মৰুভূমিৰ মায়া হৈ
নাহিবা  বুকুলৈ মোৰ মিছিকৈয়ে
মনৰ নিজানত ….।।

Leave a Reply