ভগ্নাংশ

ভগ্নাংশ

নতুন পোহৰ
★ দুটা ভগ্নাংশৰ সিহঁতৰ লব আৰু হৰক বেলেগে বেলেগে পূৰণ কৰা হয় আৰু পূৰণ ফলটো তলত দিয়া ধৰণে লিখা হয় :
        লবৰ পূৰণফল ÷  হৰৰ পূৰণফল
যেনে  3÷5 × 2÷7 = 6÷35
★এটা ভগ্নাংশ ‘ৰ’ প্ৰক্ৰিয়া হিচাপে কাম কৰে যেনে —3; ৰ 1÷6 হব
   3×1÷6 = 1÷ 2
★ দুটা প্ৰকৃত ভগ্নাংশৰ পূৰণফল যি দুটা ভগ্নাংশৰ  পূৰণ কৰা হয় , সিহঁতৰ  প্ৰতিটোতকৈ সৰু ।
★ এটা প্ৰকৃত ভগ্নাংশ আৰু এটা অপ্ৰকৃত ভগ্নাংশৰ পূৰণফল , অপ্ৰকৃত ভগ্নাংশটোতকৈ সৰু আৰু প্ৰকৃত ভগ্নাংশটোতকৈ  ডাঙৰ ।
★ দুটা অপ্ৰকৃত ভগ্নাংশৰ পূৰণ ফল  ভগ্নাংশটোতকৈ ডাঙৰ ।
★ এটা ভগ্নাংশৰ ওপৰৰ সংখ্যা লব তললৈ আৰু তলৰ সংখ্যা হৰ ওপৰলৈ  নিলে ভগ্নাংশটোৰ প্ৰতিক্রম পোৱা যায় ।
যেতিয়া এটা পূৰ্ণ সংখ্যাক এটা ভগ্নাংশৰে হৰণ কৰা হয় , আমি পূৰ্ণ সংখ্যাটোক ভগ্নাংশৰ প্ৰতিক্ৰমেৰে পূৰণ কৰোঁ ।
যেতিয়া এটা ভগ্নাংশক এটা পূৰ্ণ সংখ্যাৰে হৰণ কৰা হয় , আমি ভগ্নাংশটোক পূৰ্ণ সংখ্যাটোৰ প্ৰতিক্ৰমেৰে পূৰণ কৰোঁ ।
যেতিয়া  এটা ভগ্নাংশক আন এটা ভগ্নাংশৰে   হৰণ কৰা হয় আমি প্ৰথম ভগ্নাংশটোক আনটো ভগ্নাংশৰ প্ৰতিক্ৰমেৰে পূৰণ কৰোঁ ।

Leave a Reply