পাখি পাখি এই মন – জুবিন গাৰ্গ

জুবিন গাৰ্গৰ গীত

জুবিন গাৰ্গ

পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যায় উৰি
উৰি পাখি মেলি যায় উৰি ।
জাকি মাৰি গৈ নাম
এৰি অহা পদূলিত
বুটলি আন ল’ৰালি ।

দেউতাৰ হাঁহিৰে আইৰ স’তে উমলি
ৰদে বৰষুণে ধেমালি
আজলী সেই আবেলি ।

দুকমোকালি  মোৰ পঢ়াশালি
ইংৰাজী অংক তপিনাত এছাৰি
খিৰিকীৰ ফাঁকেৰে মুকুতিৰ আবেলি
ঘৰলৈ উভতি খেলা মৰা-মৰি ।
দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু
পঢ়া টেবুলত ভাগৰৰ টোপনি
আইৰ নিচুকনি
মৰমৰ বুলনি ।।

জোন মণি ৰুণ জুন তেতিয়া চকুত জোন
নিভাঁজ আবেগৰ টোপটোপে  সৰা সোন
সাঁতুৰি-নাদুৰি এটি এটি ৰাতি দিন
খেলা লুকা-চুৰি নিজকে বিচাৰো কোন
ৰঙা নীলা চিলা
উৰি উৰি মনে খেলা
এতিয়া কবিতা গানৰে শলিতা
অকলে বুকুতে চকুলো বুটলি ।

Leave a Reply