নাহৰ ফুলে নুশুৱাই

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত
 
 
 
নাহৰ ফুলে নুশুৱাই
তগৰ ফুলে শুৱাব ।
তগৰ ফুলে নুশুৱাই
কপৌ ফুলে শুৱাব ।
কপৌ ফুল নুশুৱাই
যদি ঘিলা খোপাতে তোৰ ,
মহাসাগৰ সিঁচি আনিম
সাত মাণিকৰ ধন
মেঘৰ বুকু ফালি ছিঙিম
বিজুলী ফুল শুৱন ,
মাণিক ফুলে নুশুৱাই
যদি সাঁতসৰীতে তোৰ
হিয়া ফালি উলিয়াই পিন্ধাম
তেজাল পোৱাল- মণি মোৰ ।

Leave a Reply