দশমিক

গণিত

 

যেতিয়া দুটা দশমিক   সংখ্যা পূৰণ কৰা হয় , প্ৰথমতে সিহঁতক দুটা পূৰ্ণ সংখ্যাৰ নিচিনা পূৰণ কৰা হয় । দুয়োটা দশমিক সংখ্যাৰ দিশমিকৰ সোঁফালৰ অংকবোৰ গণনা কৰি গণনা কৰা অংকৰ সংখ্যা যোগ কৰা হয় আৰু পূৰণ ফলটো একেবাৰে সোঁফালৰ অংকটোৰ পৰা গণনা কৰি দশমিক বিন্দুটো বহুওৱা হয় ।
উদাহৰণ স্বৰূপে,     0.5 ×0.7 = 0.35
★ এটা দশমিক সংখ্যা  10,100 বা 1000 ৰে পূৰণ কৰিবলৈ , আমি দশমিক বিন্দুটো 1ৰ সোঁহাতে যিমানটা শূণ্য থাকে সংখ্যাটোৰ সোঁহাতে সেই হিচাপে  স্থানান্তৰ কৰোঁ ।
     সেইবাবে , 0.58×10 = 5.8,
                      0.58×100 = 58
                      0.5×1000  = 580
এটা দশমিক সংখ্যাক এটা পূৰ্ণ সংখ্যাৰ হৰণ কৰিবলৈ আমি সিহঁতক প্ৰথমে পূৰ্ণ সংখ্যাৰ দৰে হৰণ কৰোঁ । পিছত ভাগফলত আমি দশমিক  বিন্দুটো দশমিক সংখ্যাটোত থকাৰ দৰে বিহুওৱা ।
উদাহৰণ স্বৰূপে, 10.2÷2 = 5.1
এটা দশমিক সংখ্যাক , 10, 100 বা 1000 ৰে হৰণ কৰিবলৈ ভাগফলটো পাবলৈ দশমিক সংখ্যাটোৰ দশমিক বিন্দুটো 1 ৰে সোঁহাতে যিমানটা শূণ্য থাকে সেই হিচাপে বাওঁফালে স্থানান্তৰ কৰিব লাগে ।
গতিকে , 28.9 ÷ 10 = 2.89 ,
               2.89÷100 = 0.289 ,
            2.39 ÷ 1000 = 0.0289
★ যেতিয়া দুটা দশমিক সংখ্যাৰ হৰণ কৰা হয় ভাজকটোক এটা পূৰ্ণ সংখ্যালৈ ৰূপান্তৰ কৰিবলৈ দশমিক বিন্দুটো সোঁফালে যিমানটা স্থান সলনি হয় সিমানটা স্থান দুয়োটাতে সমানে স্থানান্তৰ কৰা হয় । তাৰ পিছত হৰণ কৰা হয় । গতিকে , 6.4 ÷ 0.8 = 64÷8  = 8

Leave a Reply