কিবা যেন নাই আজি নাই

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত 
 
 
কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি – ‘ হায় হায় ‘ ।।
মেলি ধুমুহা তাইৰ কলা চুলি টাৰ
লুকুৱাই তৰা-জোন  কৰে যেন এন্ধাৰ ।
কতেনো বা অকৰুণ সেই কাৰাগৰ ,
যত মোৰ প্ৰিয় আছে মোৰ হিয়াত নাই ?
গৰজি ডাঙৰ তুলি বিজুলী নিচিনা ,
দিয়ে শাওনৰ বাৰিষাৰ সমিধান ,
ঘনে ঘনে কঁপে মোৰ চিকিত পৰাণ ,
লগে লগে হয় মোৰ জীৱন বিষান ।
বাহিৰত বৰষুণ পৰে ধাৰাসাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটতন কৰে মোৰ মনে যে এষাৰ
‘ মোৰ প্ৰিয়া নাই  ! মোৰ প্ৰিয়া নাই !! “

Leave a Reply