কাৰ পৰশ , কাৰ উশাহ আৰু কাৰ সুবাস

জুবিন গাৰ্গৰ গীত

জুবিন গাৰ্গ

কাৰ পৰশ , কাৰ উশাহ আৰু কাৰ সুবাস
কাৰ তিতা-মিঠা এষাৰি মাত
জীয়াই থাকিবলৈ লাগে আমাক
হুমিয়াহ চেঁচা চেঁচা এই দুখৰে কাহ
কামিহাড় ভাঙি যোৱা বতাহ
লাগে জানো আমাক জানো আমাক
বুজি চাগে পোৱা তুমি
বুজি পাওঁচোন আমি ।

ঠনুকা এই জীৱনতে
এমুঠি হাঁহি পাবলৈ যে টান
থকা হাঁহিকণ নোহোৱা হলেই
সকলো খিনি হব অৱসান

নিদ্ৰাৰ পৰা হাৰ পোৱা
উঠা যোগা আৰু জগোৱা
চকু মেলি চোৱা পৰভাত
হৃদয়ৰ পৰা দিয়া মাত
বুজি চাগে পোৱা তুমি
বুজি পাওঁ চোন আমি ।

সপোনৰ ৰং দুচকুতে লৈ
কত যে শিশু আছে আশা লৈ
নতুন আহিব জোৱাৰ আনিব
শান্ত সুন্দৰ ফুলনি হৈ

নিদ্ৰাৰ পৰা হাৰ পোৱা ….।।

Leave a Reply