ঋতু | ঋতু কেইটা

ঋতু বছৰৰ এটি খণ্ডবিশেষ। সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ঋতু বিভাজন কৰা হয়।
ঋতু

বছৰত ঋতু ছয়টা ।

  1. গ্ৰীষ্ম ।
  2. বৰ্ষা ।
  3. শৰৎ।
  4. হেমন্ত ।
  5. শীত।
  6. বসন্ত ।

 

ঋতুৰ সময়কাল

ভাৰতৰ উপমহাদেশত ছয়টা ঋতু দেখা যায়। প্ৰতি দুই মাহৰ মূৰে মূৰে নতুন ঋতুৰ আগমন লক্ষ্য কৰা যায়। অসমীয়া দুটা মাহ মিলি এটা ঋতু   হয় ।

১/ গ্ৰীষ্ম : জেঠ , আহাৰ ।
২/  বৰ্ষা : শাওন, ভাদ ।
৩/শৰৎ : আহিন , কাতি ।
৪/হেমন্ত: আঘোণ ,  পুহ ।
৫/ শীত  : মাঘ , ফাগুন  ।
৬/ বসন্ত : বহাগ , জেঠ  ।

ঋতু বিৱৰণ


গ্ৰীষ্মকাল

অসমীয়া বৰ্ষপঞ্জী অনুসৰি জেঠ আৰু আহাৰ মাহ মিলি গ্ৰীষ্মকাল গঠিত। এই সময়ত সূৰ্য্যৰ উত্তাপ বাঢ়ি যায়। জলবায়ুত আৰ্দ্ৰতাৰ পৰিমাণ বাঢ়ি যায়। কেতিয়াবা মাজে সময়ে ধাৰাসাৰ বৰষুণ হোৱা দেখা যায়। এই সময়ত জীৱ-জন্তুয়ে গছৰ ছাঁ বা আন ঠাণ্ডা ঠাইত আশ্ৰয় লয়। এই সময়ত গছসমূহত বিভিন্ন প্ৰকাৰৰ ফল পকা দেখা যায় ফল দেখা যায়, যেনে: আম, কঁঠাল, লিচু, জামু ইত্যাদি।

বৰ্ষা কাল

অসমীয়া বৰ্ষপঞ্জী অনুসৰি শাওন, ভাদ মাহ মিলি বৰ্ষা কাল গঠিত । গ্ৰীষ্মকালৰ পিছৰ ঋতু হৈছে বৰ্ষাকাল। এই সময়ত প্ৰচুৰ পৰিমাণে বৰ্ষাপাত হোৱা দেখা যায়। খাল-বিল, নদ-নদী পানীৰে উপচি পৰে। মাছ-কাছ উভৈনদী হয়। বাট-পথ বোকাৰে ভৰি পৰে। ভেকুলীৰ টোৰ-টোৰণি শুনা যায়। এই সময় কৃষকৰ খেতি কৰা সময়।

শৰৎ কাল

আহিন কাতি মাহত শৰৎ ঋতু অনুভৱ হয়। এই ঋতু নাতিশীতোষ্ণ ধৰণৰ। এই ঋতুত বৰষুণৰ পৰিমাণ কমে আৰু বতৰ ফৰকাল হয়। শেৱালি, বকুল আদি ফুল কেৱল শৰৎ কালত ফুলে। নদীৰ পাৰত কঁহুৱা বন ফুলা দেখা যায়। শৰৎ কালত ভাৰতত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বন যেনে দুৰ্গা পূজা, লক্ষ্মী পূজা, দেৱালী, কালী পূজা আদি অনুষ্ঠিত হয়। এই সময়ত খেতিয়কৰ অভাৱ অনাটন হয়। অসমত এই সময়ত কাতি বিহু পালন কৰা হয়। প্ৰকৃতিৰ অপৰূপা ৰূপৰ বাবে শৰৎ ঋতুক ঋতু ৰাণী বুলি অভিভিত কৰা হয়।

হেমন্ত কাল

আঘোণ আৰু পুহ মাহত এই ঋতু বিদ্যমান হয়। নিয়ৰ-কুঁৱলী পৰা এই ঋতুৰ প্ৰধান লক্ষণ। এই ঋতুত শীতৰ প্ৰকোপ লাহে লাহে বাঢ়ি আহে আৰু গছৰ পাত সৰিবলৈ ধৰে। খেতিয়ক সকল এই সময়ত খেতি ছপোৱাত ব্যস্ত থাকে। নানা বিধ খাদ্য সম্ভাৰ উভৈনদী হয়।

শীত কাল

মাঘ আৰু ফাগুন এই দুই মাহ মিলি শীতকাল গঠিত। এই সময়ত শীতৰ প্ৰকোপ চৰম পৰ্য্যায়ত উপনীত হয়। খাদ্য বস্তু যেনে পিঠা-পনা আদিৰ সমাহাৰ হয়। এই সময়ত খেতি ছপোৱা প্ৰায় শেষ হোৱা বাবে কৃষিৰ লগত জড়িত ব্যক্তি সকলৰ আজৰি সময়। বিভিন্ন ঠাইত কৃষি ভিত্তিক উৎসৱ পালন কৰা হয়। অসমত এই সময়ত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়।

বসন্ত কাল

চ’ত আৰু বহাগ মাহত বসন্ত কাল অনুভূত হয়। এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয়। এই ঋতুত গছত কুঁহিপাত ওলায় আৰু বিভিন্ন ধৰণৰ ফুল ফুলে। গছ-গছনি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। শীতনিদ্ৰাৰ পৰা জীৱসমূহ সাৰ পায়। চৰাই-চিৰিকটিৰ মাতেৰে সকলো মুখৰিত হৈ থাকে। এই সময় জীৱ-জন্তুৰ প্ৰণয় মিলনৰ সময়। কুলি-কেতেকীৰ মাত আৰু কপৌ ফুল এই ঋতুৰ অন্যতম বৈশিষ্ট্য। বিভিন্ন অঞ্চলত এই সময়ত বসন্ত উৎসৱ পালন কৰা দেখা যায়। অসমত এই সময়ত বহাগ বা ৰঙালী বিহু পালন কৰা হয়।

Leave a Reply