সাঁথৰ || অসমীয়া সাঁথৰ

  অসমীয়া সাঁথৰ : 

সাঁথৰ  হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। সাঁথৰত বক্তব্য লুপ্ত থাকে অৰ্থাৎ ই গুপ্ত বা গোপনীয় অৰ্থযুক্ত কথাহে  ৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয়। সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়। সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক। সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়।

 

নতুন পোহৰ ,অসমীয়া সাঁথৰ


কেইটিমান অসমীয়া ভাষাত প্ৰচলিত সাঁথৰ উত্তৰেৰে সৈতে তলত দিয়া হ’ল: 

১/ দিন ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে ।
*ঘড়ী
২/ তুলা হেন ভাঁহে শিল হেন তল পৰে ।
* ভেকুলী ।
৩/ পেট আছে পেটু নাই মুখ আছে জিভা নাই ।
*কলহ ।
৪/ বাঘ হেন জাপমাৰে , কুকুৰহেন বহে ।
* ভেকুলী ।
৫/ পিটিকিলেই ভাঙে ,আফালিয়ালেও নাভাঙে।
* ভাত ।
৬/ গীত গায় , কথা কয় , মানুহ দুনুহ কোনো নাই ।
* ৰেডীঅ ।
৭/  খলপা খলপী গাটো , কোৱাচোন কি সেই টেঙাটো ?
* ঔটেঙা ।
৮/দিনত ভৰি পৰে লৰা ছোৱালী , ৰাতি নাথাকে কোনো প্ৰাণী ।
* পঢ়াশালি ।
৯/আগ তিতা গুৰি মৌ , কি কৰিছে ভেবেলি বৌ ।

* কুঁহিয়াৰ ।

১০/ নদী নাল শুকাই গল , গছৰ আগত পানী ৰল ।
* নাৰিকল ।
১১/ ওপৰৰ পৰা পৰিল চিলা , গোটে গোটে মানুহ গিলা ।
* চোলা ।
১২/ চাৰি ভায়েকৰ কান কটা , তাৰে দুটাৰে পেট ফুটা ।
* তাঁতৰ খুটা ।
১৩/ ডেকা কালত আকাশ বোৱা , বুঢ়া কালত তল মুৱা ।
* বাঁহ ।
১৪/ খাওঁতে খাই পেটো নভৰে মুখেও নেপায় ।
* উজুটি ।
১৫/ কমাৰ ঘৰৰ ভাটি, বতাহ খাই উজান
ভাটি ।
* নাক ।
১৬/ এযোৰ পক্ষী আছে কাকো কোনেও নেদেখে ।
* চকু ।

Leave a Reply