মোৰ কবিতাৰ ছন্দ লাগি

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

 

মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে ?
কথা মালিকাৰ গোন্ধ লাগি
সোণৰ সপোন ভাগে নে ?
নাচে তৰা ছন্দে ছন্দে
বিশ্বৰ ভৰ মহানন্দে
সেই উলাহত সৰহ লাগি
হিয়াত নাচোন উঠে নে?
ৰন্ধে ৰন্ধে তুলি সুৰ
বাজে মন বহি মোৰ
সেই সুৰতেই শাত কৰি লৈ
পাৰিবনে হিয়া জোৰ !
ছেৱে ছেৱে ফুলে ফল
গোন্ধতে আমোল-মোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়া নাছেনে ?

Leave a Reply