ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্ – বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা

ভঙা্ ভঙা্ ভঙা্ ভঙা্
 

ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্

 
 
ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
লোহাৰ শিকলি ভাঙ্ ।
ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্
দাসৰ বান্ধোন ছিঙ্ ।

 

খোল্ খোল্ খোল্ খোল্
কাৰাৰ ‘ফাটকা’ খোল্ ।
ভাঙ্ ভাঙ্
দুৱাৰৰ দাং ।
শুন্ সৌৱা শুন্ শুন্
ঘেৰিছে ৰণ-বিষাণ-
মুকট আকাশে উৰে
দীপত ৰঙা নিচান
ৰকেটৰ ৰণজিত
সুৰুজ উদয়মান
শুন মুকুতিৰ তুৰযৰ আহ্বান –
মুক্তিমান-মুক্তিমান-মুক্তিমান ।

Leave a Reply