পৰ জনমৰ শুভ লগণত

বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত
পৰ জনমৰ শুভ লগণত
যদিহে আমাৰ হৈ দেখা  ।
পুৰাবানে প্রিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নপিন্ধালা ।
শূণ্য মোৰ বুকু হল যে উকা ।
এই জীৱনৰ আউসী ৰাতি
চকুলো টুকি যায় নে কাটি
কাহানিও মুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকণি নিবিলায় ।
এই জীৱনৰ গোপন কথা
গুপুতে থাকি দিয়া যি ব্যথা
কাহানিও তুমি নেদেখিলা
শোকৰ ছবিটি হিয়াত অঁকা ।

Leave a Reply