সন্মানীয় পুৰস্কাৰ – ভাৰত ৰত্ন | পদ্ম বিভূষণ | পদ্ম ভূষণ | পদ্মশ্ৰী

ৰাষ্ট্ৰীৰ সন্মানীয় পুৰস্কাৰ

 
ভাৰত ৰত্ন

 

 
ভাৰত ৰত্ন :  ভাৰতৰ এই সৰ্বোচ্চ ৰাষ্ট্ৰীয় পুৰস্কাৰ টো কলা , সাহিত্য আৰু বিজ্ঞানৰ ক্ষেত্ৰত বিশেষ বৰঙণি বা সৰ্বজনিক ক্ষেত্ৰত বিশিষ্টতম যোগদানৰ বাবে প্ৰদান কৰা হয় । চৰকাৰী কামত নিয়োজিত  লোকক এই পুৰস্কাৰ দিয়া নহয় । এতিয়া লৈ কে বহুত লোকক এই পুৰস্কাৰ দিয়া হৈছে ।
পদ্ম বিভূষণ : এই পুৰস্কাৰ টো যিকোনো ক্ষেত্ৰত বিশেষ সেৱাৰ বাবে প্ৰদান কৰা হয় । এই পুৰস্কাৰ চৰকাৰী কামত নিয়োজিত ব্যক্তিকো দিয়া   হয় ।
পদ্ম ভূষণ : এই পুৰস্কাৰটো পদ্ম বিভূষণৰ নিচিনাই কিন্তু ইয়াৰ মহত্ব পদ্ম বিভূষণতকৈ কিছু কম ।
পদ্মশ্ৰী : পদ্ম বিভূষণ আৰু পদ্ম ভূষণ পুৰস্কাৰৰ পিছত মহত্বৰ দৃষ্টিত এই পুৰস্কাৰ টো উপৰোক্ত ।

সাহসৰ বাবে পোৱা পুৰস্কাৰ :

পৰমবীৰ চক্ৰ : এই পুৰস্কাৰ টো বীৰসকলৰ সৰ্বোচ্চ সন্মানীয় পুৰস্কাৰ ।। শত্ৰুৰ আগত দেখুৱা অসীম সাহস বা আত্মা বলিদান কৰাত এই পুৰস্কাৰ দিয়া হয় ।
মহাবীৰ চক্ৰ : দ্বিতীয় স্থানত ই এটা সন্মানীয় পুৰস্কাৰ ।
জল, স্থল আৰু বায়ু সেনাবাহিনীত শত্ৰুৰ আগত অসীম পৰাক্ৰম প্ৰদৰ্শ কৰা সেনাক এই পুৰস্কাৰ দিয়া হয় ।
বীৰচক্ৰ: বীৰত্ব সন্মানত ই তৃতীয় স্থানৰ পুৰস্কাৰ ।
অশোক চক্ৰ : জল,স্থল আৰু বায়ু সেনা বাহিনীত অসাধাৰণ  বীৰত্ব প্ৰদৰ্শন কৰা , বলিদানৰ দৰে অসাধাৰণ কাৰ্য কৰা আৰু সাহসিক কাৰ্য কৰা সেনাক এই পদক দিয়া হয় । অশোক চক্ৰ কেৱল সৈন্য সকলৰ নহয়  আসৈনিকৰ ও পোৱাৰ অধিকাৰ আছে ।

আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ

 

নবেল পুৰস্কাৰ

নবেল পুৰস্কাৰ :  ডিনামাইটৰ আবিষ্কাৰক  স্বীডিশ বৈজ্ঞানিক ডাঃ অলফ্ৰেড বনাৰ্ড নবেল  ১৯০১ চনত এই পুৰস্কাৰ আৰম্ভ কৰিছিল । অৰ্থশাস্ত্ৰৰ নবেল  পুৰস্কাৰ ১৯৬৭ চনৰ পৰা আৰম্ভ হৈছিল ।
নেহৰু পুৰস্কাৰ : এই পুৰস্কাৰ প্ৰতি বছৰে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয়ৰ  সাংস্কৃতিক  পৰিসদৰ তৰফৰ পৰা  আন্তঃৰাষ্ট্ৰীয় সদ্ভাৱ আৰু বিশ্বমৈত্রিৰ বাবে দিয়া হয় । এই পুৰস্কাৰ ১৫লাখ টকাৰ । ১৯৯৩চনত ম্যানমাৰৰ ৰাজনেতা  অংগ চান সূচীক দেশৰ স্বতন্ত্ৰতা , লোকতন্ত্ৰ আৰু যুঁজাৰু সংঘৰ্ষৰ বাবে দিয়া হয় ।

 

Leave a Reply