মে’ দিৱস || শ্ৰমিকসক দিৱস

মে’ দিৱস

মে' দিৱস
 
মে’ দিৱস নামেৰেও পৰিচিত। মে’ মাহৰ প্ৰথম টো দিনটোতেই পৃথিৱীৰ বহুকেইখন  দেশত এই দিৱস পালিত হয়। এই দিনটো চৰকাৰী ভাবে ছুটিৰ দিন।
 

may day , notun pohor
শ্ৰমিকসক দিৱস
আগতে শ্ৰমিকসকলে বহুত পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১৫-ৰ পৰা ১৬ ঘণ্টা আৰু সপ্তাহত ৬ দিনে কাম কৰিব লগা হৈছিল । বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল, শ্ৰমিকসকলে অতি অমানৱীয় জীবনযাপন কৰিছিল, ক্ষেত্ৰবিশেষে সেইটো দাসবৃত্তিৰ পৰ্যায়ত পৰিছিল ।
may day , দিৱস
১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেঁওলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১-মে।

 

মে' দিৱস
কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে।
may day
১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে এক সমদল হয়।  আগস্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল।
may day
 তাত হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিষ্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়।
may day
পুলিচবাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত  আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লয়, য’ত ১১ জন শ্ৰমিক ছহিদ হয়।
may day
 
পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়। এক প্ৰহসনমূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়।  লুইস লিং নামৰ এজনে ফাঁচীৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰে, অন্যএজনৰ পোন্ধৰ বছৰৰ কাৰাদণ্ড হয়।
 
 
শ্ৰমিকসক দিৱস
ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগস্ট স্পীজে কৈছিল,
    “আজি আমাৰ এই নিঃশব্দতা, তোমালোকৰ কোলাহতকৈ অপেক্ষিক ভাবে অধিক শক্তিশালী হ’ব”।

 

অভিযুক্ত

 

২৬ জুন, ১৮৯৩ তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত আঠজনকেই নিৰপৰাধী বুলি ঘোষণা দিয়ে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কামাণ্ডাৰ জনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে। আৰু আনপিনে  সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ’ল।
মে’ মাহৰ ১ তাৰিখ

 

শেষ পৰ্যন্ত শ্ৰমিকসকলৰ “দৈনিক আঠ ঘণ্টা কাম কৰাৰ” দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায়। আৰু পহিলা মে বা মে’ দিৱসে প্ৰতিষ্ঠা লাভ কৰে- শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাপে, পৃথিবীব্যাপী আজিও সেই দিৱস পালিত হয়।”
আৰু তেতিয়াৰ পৰা মে’ মাহৰ ১ তাৰিখৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়।

 

Leave a Reply