কৰিমগঞ্জ জিলা

কৰিমগঞ্জ জিলাৰ সংক্ষিপ্ত বিৱৰণ :

১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনত ছিলেট জিলা পূৱ পাকিস্তান  (বৰ্তমানৰ বাংলাদেশ)-লৈ হস্তান্তৰিত হয় যদিও সেইসময়ৰ অবিভক্ত কৰিমগঞ্জ মহকুমাৰ চাৰে তিনিখন থানাৰ অঞ্চলৰে গঠিত সংকুচিত কৰিমগঞ্জ মহকুমা ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ এক মহকুমা হিচাপে অন্তৰ্ভুক্ত হয়। এই অঞ্চল কেইটা আছিল: ৰাতাবাৰী থানা, পাথাৰকান্দি থানা, বদৰপুৰ থানা আৰু কৰিমগঞ্জ থানাৰ আধা অঞ্চল। ১৯৮৩ চনৰ ১ জুলাই তাৰিখৰ পৰা অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক পূৰ্ণপৰ্যায়ৰ জিলাৰ স্বীকৃতি দিয়ে।
*জিলা খনৰ চাৰিসীমা :
উত্তৰে : কাছাৰ জিলা আৰু বাংলাদেশ ।
দক্ষিণে: মিজোৰাম  আৰু ত্ৰিপুৰা ৰাজ্য  ।
পূৱে :  হাইলাকান্দি জিলা  ।
পশ্চিমে : ত্ৰিপুৰা ৰাজ্য আৰু বাংলাদেশ  ।

*জিলা খনৰ মহকুমা হৈছে কৰিমগঞ্জ, পাথাৰকান্দি  আৰু ৰামকৃষ্ণ নগৰ ।
*জিলা খনৰ প্ৰধান পৰ্যটন স্থল হৈছে ৰামকৃষ্ণ নগৰ ।
*জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ-উপনৈ সমূহ হৈছে বৰাক , কুশিয়াৰা , চিংলা , লাংগাই , সোনাই আদি ।
* জিলা খনৰ মাজেৰে ৪৪নং ,৫৩নং আৰু ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথে অতিক্ৰম কৰিছে ।

  *এই জিলাত অসম বিধানসভাৰ ৫টা সমষ্টি আছে: ৰাতাবাৰী , পাথাৰকান্দি , কৰিমগঞ্জ উত্তৰ , কৰিমগঞ্জ দক্ষিণ , বদৰপুৰ । এই সকলোবোৰ অঞ্চল কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷

Leave a Reply