হোজাই জিলা || হোজাই জিলাৰ জনসংখ্যা

হোজাই জিলা

 

এসময়ত  ডিমাছা – কছাৰীসকলে এই ঠাই খন ৰাজত্ব কৰিছিল  । কিছুদিন আগলৈ হোজাই আছিল নগাঁও জিলাৰ এটা মহকুমা । ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়।  নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়।
হোজাই জিলাৰ নামৰ উৎপত্তি :
মধ্যযুগত হোজাই জিলা ডিমাচা-কছাৰী ৰাজ্যৰ অংশ আছিল। আহোম বুৰঞ্জী মতে, ডিমাচা-কছাৰী ৰাজ্য দিখৌ নদীৰ পৰা কলং নদী পৰ্যন্ত বিস্তৃত আছিল। হোজাইত বসবাসকাৰী ডিমাচা-কছাৰী সকল “হোজাই- কছাৰী” নামে জনাজাত আছিল। “হোজাই” ডিমাচা উপজাতিৰ এক বংশ বা গোষ্ঠী সম্ভৱত হোজাই নাম “হোজাই” গোষ্ঠীৰ নামৰ পৰা আহিছে।
 হোজাই জিলাৰ  চাৰিসীমা : 

জিল খনৰ মহাকুমা হৈছে হোজাই ।

 হোজাই জিলাৰ নৈ-উপনৈ সমূহ :
 জিলা খনৰ মাজেৰে বৈ যোৱা নৈ-উপনৈ সমূহ কপিলী , যমুনা, ডিক্ৰং , লংকাজান ,লামডিং , ডিমৰু আদি ।
 
 হোজাই জিলাৰ জনসংখ্যা : 
২০১১ চনৰ লোকপিয়ল মতে তিনিটা ৰাজহ চক্ৰ সংলগ্ন নৱগঠিত হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮ জন। তাৰে ভিতৰত ৪৯,৯৫৬৫জন মুছলমান আৰু ৪২,৪০৬৫জন হিন্দু। অৰ্থাৎ হোজাই জিলাৰ জনসংখ্যাৰ মুছলমানৰ শতকৰা হাৰ ৫৩.৬৫% আৰু হিন্দুৰ শতকৰা হাৰ ৪৫.৫৩% ।
জিলা খনৰ প্ৰধান শিল্প উদ্যোগ হৈছে  সাঁচি বা অগৰু গছৰ পৰা মূল্যবান তেল নিষ্কাষণৰ উদ্যোগ ।  ৩৬ নং আৰু ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথে এই জিলা খন অতিক্ৰম কৰিছে । জিলা খনৰ সৰ্ববৃহৎ চহৰ লামডিং মূলতঃ এক ৰেল নগৰী । এটা ৰেলৰ  জংছন আৰু ইয়াতে এটা স‌ংমণ্ডলীয় সদৰ কাৰ্যলয় আছে । কাৰ্যতঃ ইয়াক বৰাক উপত্যকাৰ  বাটচৰা বুলিব পাৰি । জিলা খনৰ পৰ্যটন স্থল হৈছে লংকেশ্বৰী মন্দিৰ , সৎসঙ্গ বিহাৰ – হোজাই  ।
 হোজাই জিলাৰ  বিধানসভা সমষ্টি  :
 তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল-
  • যমুনামুখ
  • হোজাই
  • লামডিং
 হোজাই জিলাৰ লোকসভা সমষ্টি : 
 

হোজাই জিলা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।

Leave a Reply