হাইলাকান্দি জিলা

হাইলাকান্দি জিলাৰ সংক্ষিপ্ত বিৱৰণ :

 ধলেশ্বৰী নদীৰ কান্দি অৰ্থাৎ পাৰত আলি বান্ধি সীমা নিৰ্ধাৰণ কৰা হৈছিল বাবেই ঠাই খনৰ নাম হাইলাকান্দি হোৱা বুলি জনা যায় । হাইলাকান্দি অসমৰ বৰাক উপত্যকাৰ এখন জিলা। ই অসমৰ একেবাৰে দক্ষিণ চুকত অৱস্থিত। ইয়াৰ সদৰ ঠাই হাইলাকান্দি নগৰ  ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা ৩৫০ কি.মি. নিলগত।
  ১৯৮৯ চনত অসম চৰকাৰে ইয়াক জিলা ঘোষণা কৰে। ইয়াৰ আগতে ই অসমৰ কাছাৰ জিলাৰৰ এটা মহকুমা আছিল। মহকুমা হিচাপে ই অসমৰ অন্যতম পুৰণি মহকুমা। ১৮৬৯ চনতে এই মহকুমাটো গঠন কৰা হৈছিল।

*জিলা খনৰ চাৰিসীমা :
উত্তৰে : কাছাৰ জিলা ।
দক্ষিণে: মিজোৰাম ৰাজ্য  ।
পূৱে :  কাছাৰ জিলা আৰু  মিজোৰাম ৰাজ্য  ।
পশ্চিমে : কৰিমগঞ্জ জিলা ।

*জিলা খনৰ মহকুমা হাইলাকান্দি আৰু কাটলিচেৰা  ।
*জিলা খনৰ মাজেৰে ৫৩নং আৰু ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰিছে ।
*জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ-উপনৈ সমূহ হৈছে  বৰাক , ধলেশ্বৰী আৰু কাটাখাল ।

Leave a Reply