শিৱসাগৰ জিলা

notun pohor



শিৱসাগৰ নামৰ পুখুৰীৰ পৰা শিৱসাগৰ নামটো সৃষ্টি হৈছে । শিৱসাগৰৰ পুৰনি নাম আছিল ৰংপুৰ । ৰংপুৰ এসময়ত আহোম ৰাজ্যৰ ৰাজধানী আছিল ।  শিৱসাগৰ জিলাৰ উত্তৰ দিশে আছে ব্ৰহ্মপুত্ৰ নদ , মাজুলী জিলা আৰু ডিব্ৰুগড় জিলা  , দক্ষিণ দিশে নাগালেণ্ড , পূৱে চৰাইদেও আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে যোৰহাট জিলা । জিলা খনৰ মহকুমা হৈছে শিৱসাগৰ আৰু নাজিৰা  । জিলা খনৰ প্ৰধান পৰ্যটন স্থল হৈছে আহোম সকলৰ ছশ বছৰীয়া  শাসন কালৰ কীৰ্তিচিনহ সমূহ । আহোম সকলৰ কীৰ্তিচিনহ সমূহ হৈছে  ৰংঘৰ , কাৰেংঘৰ , তলাতলঘৰ , শিৱদৌল , জয়সগৰ পুখুৰী, নামদাঙৰ শিলৰ সাঁকো, গৌৰীসাগৰ পুখুৰী , বিষ্ণু দৌল , দেৱী দৌল আদি এই জিলাত এ অৱস্থিত । জিলা খনৰ মাজৰে পাৰ হৈ যোৱা নৈ-উপনৈ সমূহ হৈছে  ব্ৰহ্মপুত্ৰ, ডিমৌ, দিচাং , দিখৌ, জাঁজী , টিফুক , নামদা‌ং , দৰিকা, বুঢ়ী দিহিং আদি । ৩৭ আৰু ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ এ জিলা খনৰ মাজেৰে অতিক্ৰম কৰিছে ।
জিলাখনত বিধানসভাৰ মুঠ সমষ্টি ৬টা-
আমগুৰি, নাজিৰা, মাহমৰা, সোণাৰি, থাওৰা, শিৱসাগৰ ।

Leave a Reply