মাজুলী জিলা

majuli map

‌ মাজুলী ঠাই খন সত্ৰ সংস্কৃতিৰ বাবে বিশ্ববিখ্যাত । তদুপৰি পৃথিৱীৰ বৃহত্তম নদী দ্বীপ হিচাপে মাজুলীৰ এটা সুকীয়া পৰিচয় আছে ।২৭ জুন ২০১৬ চনত  মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ হল। পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ  আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ । মাজুলীক ‘ সত্ৰ্ নগৰী ‘ বুলিও কোৱা হয় |    মাজুলী জিলাৰ উত্তৰ দিশে আছে লখিমপুৰ জিলা , দক্ষিণে গোলাঘাট , যোৰহাট  আৰু শিৱসাগৰ জিলা, পূৱে শিৱসাগৰ আৰু ধেমাজি জিলা  আৰু পশ্চিমে বিশ্বনাথ জিলা  অৱস্থিত । জিলা খনৰ মহকুমা হৈছে মাজুলী  । জিলা খনৰ প্ৰধান পৰ্যটন স্থল হৈছে  কলা সংস্কৃতিৰ গুৰি ধৰোতা  কমলাবাৰী , চামগুৰি , গড়মূৰ , আউনি আটি আৰু দক্ষিণপাত  সত্ৰ  আদি । জিলা খনৰ মাজেৰে যোৱা নৈ-উপনৈ সমূহ হৈছে ব্ৰহ্মপুত্ৰ, সোৱণশিৰী আৰু টুনি ।  এই জিলা খনত দেশ বিদেশৰ পৰা অহা পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ  সত্ৰীয়া সংস্কৃতিক ধৰি ৰখাৰ লগতে  প্ৰচাৰ আৰু প্ৰসাৰ কৰি বিশ্ববিখ্যাত কৰি তুলিছে ।

Leave a Reply